ৰূপসী বিমানবন্দৰলৈ হতাশাত ৰাইজ

Rupsi Airport

ৰামকৃষ্ণ সৰকাৰ (ছাত্ৰ গুৱাহাটি বিশ্ববিদ্যালয়)

নামনি অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক বিমানবন্দৰ ৰূপসী বিমানবন্দৰ, আজি সকলো সুবিধা থকাৰ পিছতো বন্ধ হৈ আছে বিমান পৰিষেবা । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত স্থাপিত ৰূপসী বিমানবন্দৰ এসময়ত ১.৮ কিলোমিটাৰ ৰাণৱেৰ সৈতে দক্ষিণ-পূব এছিয়াৰ অন্যতম বৃহৎ বিমানবন্দৰ আছিল। ১৯৮০ চনত এই বিমান বন্দৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিছিল, আঞ্চলিক বিমান সংস্থা বায়ুদুতে ১৯৮৪ চনত ৰপসীৰ পৰা বিমান চলাচল পৰিষেৱা বন্ধ কৰিছিল । তাৰ পিছৰ পৰা নিস্তব্ধ হৈ আছিল পৰি আছিল বিমানবন্দৰ খন।

Rupsi Airport Renovation

২০২১ চনত চৰকাৰৰ UDAAN আঁচনিৰ অধীনত বিমানবন্দৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল, বিমান সংস্থা ফ্লাইবিগে গুৱাহাটী আৰু কলকাতালৈ বিমান সেৱা চলাইছিল। দুৰ্ভাগ্যজনকভাৱে কাৰিকৰী সমস্যাৰ বাবে ২০২৩ চনৰ নৱেম্বৰ মাহত ফ্লাইবিগে সেৱা বন্ধ কৰি দিছিল, যাৰ ফলত তেতিয়াৰ পৰা ৰূপসী বিমানবন্দৰ একপ্ৰকাৰ স্থগিত হৈ পৰিছে । আশাৰ ৰেঙনীলৈ এলায়েন্স এয়াৰে ২০২৪ চনৰ ১৯ ​​জুনৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল, ৰূপসী হৈ গুৱাহাটী আৰু কলকাতা সংযোগী বিমান সেৱা। অৱশ্যে এই সেৱা এতিয়াও আৰম্ভ হোৱা নহল। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, আৰু উত্তৰ বংগৰ কিছু অংশ বিশেষভাৱে কোচবিহাৰকে ধৰি নামনি অসমৰ বাসিন্দাসকলৰ বাবে ৰূপসী বিমানবন্দৰ বন্ধ হোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ওচৰতে বিমানবন্দৰৰ অভাৱত যাত্ৰীসকলে বিমান যাত্ৰাৰ বাবে গুৱাহাটীলৈ যাবলগীয়া হৈছে, যিটো সময়সাপেক্ষ আৰু ব্যয়বহুল দুয়োটাই। ৰূপসী বিমানবন্দৰৰ ঐতিহাসিক তাৎপৰ্য আৰু কৌশলগত অৱস্থানে অঞ্চলটোৰ সংযোগৰ বাবে ইয়াক অপৰিহাৰ্য কৰি তুলিছে। এই বিমানবন্দৰত পুনৰ বিমান চলাচল আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা ক্ষিপ্ৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ। এইয়া কেৱল অগণন ব্যক্তিৰ ভ্ৰমণৰ বোজা লাঘৱ কৰাই নহয়, আঞ্চলিক উন্নয়ন আৰু সুলভতাকো সহায় কৰিব। 

আনফালে অসম কেবিনেটে ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ কৰাৰ ফলতো অঞ্চলটোৰ স্থানীয় মানুহে ঐতিহাসিক ৰূপসী নামটো হেৰাই যোৱাৰ কথাটো নিবিচাৰে সেইটো লৈয়ো অলপ বিতৰ্কৰ সৃষ্টি হৈছে । সেইয়া পৰবৰ্তী সময়ত জনা যাব।

Rupsi Airport India

জনতাই আশাৰে বাট চাইছে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক ফালে আৰু আহ্বান জনাইছো যে ৰূপসী বিমানবন্দৰৰ পৰিষেৱা পুনৰ আৰম্ভণিত চকু দিব লাগে । নামনি অসমৰ জনসাধাৰণে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰূপসীৰ পৰা বিমানেৰে দেশৰ আন প্ৰান্তলৈ যাবলৈ ।

See Also :