মহোহো বা মহ খেদা উৎসৱ

Moho-Ho Utsav

দৰ্শনা নাথ, গুৱাহাটী বিশ্ববিদ্যালয়

নামনি অসমৰ কামৰূপ জিলাৰ অতি জনপ্ৰিয় এটি উৎসৱ মহো হো । এই উৎসৱ বিশেষকৈ গাঁৱৰ ডেকা বোৰে গধূলি সাজ লগাৰ পিছত এক লগ হৈ মানুহৰ ঘৰে ঘৰে গৈ পালন কৰে । এই উৎসৱত মানুহৰ পৰম শক্ৰ মহ খেদি বৰ বাবে হাতে হাতে ডেকা বোৰে বাঁহৰ টোকোন, থোৰোকা আদি লৈ নাচি -নাচি , ঘূৰি -ঘূৰি মহ খেদে।

আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয়। মানুহৰ অপায়-অমংগলৰ প্ৰতীক মহবোৰক খেদিবৰ বাবে মানুহৰ ঘৰৰ চোতালে -চোতালে মহ-খেদা গীত গায় গাঁৱৰ ডেকা সকলে । এই উৎসৱৰ প্ৰকৃত মহত্ব হ’ল অপায়-অমংগল দূৰ কৰি লাখিমীক আদৰাৰহে অনুষ্ঠান।

অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো " পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো । " তাৰপৰাই মহোহো শব্দ গঠিত হৈছে । নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা , নলবাৰী , বৰপেটা , দৰং , বাক্সা জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহো -হোক গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা ওৰি মাগা বুলি জনা যায়। দৰঙত ইয়াক মহৌ খুন্দা বা মইহ খেদা বা মহখেদা বা মহহৌ উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ , নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা , বৰপেটাৰ ঠাই বিশেষে ভাওল দিয়া বা ভাও লালীয়া , তামুলপুৰ আৰু বাক্সাত ৰাভা (টোটলা ৰাভা ) সকলে বাম্বোলপিতা আৰু বজালীত মহোহো বা মহহো বা মোহোহো দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰী সকলে ইয়াক ভালুক নচুৱা আৰু উত্তৰ গোৱালপাৰাৰ বড়ো সকলে চেনায়-হুনায় বুলি কয়। হাজং সকলে ইয়াক মচমাও খেদা বা মহ খেদাই দেৱা গীত বুলি কয়। মুছলমানসকলে ইয়াক মাগন গীত বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহো -হো ৰ সমধৰ্মী উৎসৱ 


মহখেদা উৎসৱৰ দিনা খন মহ খেলিবলৈ অহা ডেকা বোৰে গৃহস্তৰ ঘৰৰ চোতালত ঘূৰণীয়া কৈ থিয় হয়। তেওঁলোকৰ মাজৰ কোনোবা জনে হাতত থকা টোকোনডাল হেলনীয়া কৰি দিয়ে আৰু বাকীসকলে টোকোন ডালত কোবাই কোবাই গীত গাবলৈ লয়। সিহঁতৰ মাজৰ কোনোবাজনে গীত আৰম্ভ কৰে আৰু বাকীবোৰে তেওঁৰ লগে লগে গীত গাবলৈ লয়। এনে দৰে -


“আঘোণৰ পূৰ্ণিমা হ'ল

 মহ খেদ্ বা যাওঁ ব'ল

মহে বোলে মল্লো দে

টেপোন পোৰা খালু দে ....

এনেদৰে টোকোনৰ কোবৰ তালে তালে ঘূৰি ঘূৰি গোৱা গীত সমূহে গৃহস্থবোৰক যথেষ্ঠ আমোদ দিয়ে । নামনি অসমৰ কিছুমান অঞ্চলত মহ খেদা দলটোৰ কোনোবা এজনক বহুৱা নটুৱা হিচাপে সজাই পৰাই লোৱা দেখিবলৈ পোৱা যায়। মহ খেদা দলটোৱে আকৌ গাবলৈ লয়-

“বাহৰ পাত চিকি মিকি 

আমাক লাগে আধেলি সিকি। 

বাহৰ পাত পকা 

আমাক লাগে টকা ….।”


তদুপদুৰি তেওঁলোকে গৃহস্থৰ ভৰাল লখিমীৰে পৰিপূৰ্ণ হ’বলৈ গায়- 

“আঘোণৰ জোনাক ৰাতি 

লখিমীক দিবা বাতি

ভৰালত থাকিব ধান

বছৰটো ৰাখিবা মান।

“মহোহো উৎসৱ বা মহ-খেদা উৎসৱ” আমি যিয়েই নোবোলো কিয়, এই উৎসৱ যে মূলতঃ আঘোণৰ লখিমী আদৰা উৎসৱ তাক আমি নি:সন্দেহে ক’ব পাৰো । মহ খেদা গীতত আছে -

“ওৰো ওৰো ধৰণী 

মা-লক্ষ্মী ধৰণী ,

মা-লক্ষ্মী পীতাম্বৰ

ভৰাল ভৰি

ভৰি পৰ।”


এনে দৰে নাচি-বাগি গীত গোৱা শেষ হ’লে দলটোক গৃহস্থই টকা বা চাউল দি সেৱা কৰে । মাননি দিয়াৰ পিছত মহ-খেদা দলটিয়ে গৃহস্থক আৰ্শীবাদ দিয়ে এনে ধৰণে -

“ভৰালত ধান হউক।

গোহালিত গৰু হউক।। 

পো-বেটী কুশলে থাকোক। 

সুখ শান্তিৰে ভৰি পৰোক।।”


এই উৎসৱ পালন কৰোঁতে কোনো অঞ্চলত মহ-খেদা দলটিয়ে লগত বাদ্য যন্ত্ৰ লৈ গৈয়ো গৃহস্থৰ চোতালত মহখেদা গীত গোৱা দেখিবলৈ পোৱা যায়। এই গীত সম্পৰ্কে অসমীয়া সমাজত এটি প্ৰবাদ আছে - “এই উৎসৱ টোকোন কোবোৱা গৰখীয়াৰ উৎসৱহে ।” এই উৎসৱত বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰাত কোনো বাধানাই।

গাঁৱৰ গৰখীয়া ডেকা-বোৰে মহ-খেদি গৃহস্থৰ ঘৰে ঘৰে গৈ পোৱা মাননিৰে তেওঁলোকে একে লগ হৈ নিৰ্দি ষ্ট এটা দিনত হাঁহি আৰু আনন্দ মনেৰে দলভাত বা লগ-ভাত খায়। এনে দৰে এই উৎসৱ পালন কৰা হয়। কিন্তু সময়ৰ সোঁতত এই উৎসৱ যেন এতিয়া লাহে লাহে হেৰাই যাব ধৰিছে । আগৰ দৰে এতিয়া তাহানিৰ আনন্দ উলাহো নাই ঘৰে ঘৰে যাবলৈ ডেকা গাভৰুও নাই। আধুনিকতাৰ কবলত এইসমূহ উৎসৱ যাতে হেৰাই নাযায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব ।

See Also :